Xhoixobote Dhemalite Song Lyrics | শৈশৱতে ধেমালীতে | Bhupen Hazarika

Song: Xhoixobote Dhemalite (শৈশৱতে ধেমালীতে)

Singer: Bhupen Hazarika

Xhoixobote Dhemalite Song Lyrics
Xhoixobote Dhemalite Song Lyrics

Xhoixobote Dhemalite Song Lyrics:—

শৈশৱতে ধেমালীতে

তোমাৰে ওমলা মনত আছে,
ব’হাগ মাহৰ লুইতখনিত
দুয়ো সাঁতোৰা মনত আছে,
যৌৱনতে দুয়োৰে দেহাৰ
লাজুকী পৰশ মনত আছে,
মোৰ অবিহনে চিপজৰী ল’বা
বুলি কোৱা মোৰ মনত আছে;

ব’হাগ মাহৰ লগতে এদিন

আহিল বৰদৈচিলা,
সেই ধুমুহাত কাৰোবাৰ স’তে
তুমি দেখো গুচি গ’লা,
মনৰ গৰাকী এৰি তুমি
ধনৰ গৰাকী বৰিলা,
ধন ধন বুলি ধনৰ প্ৰেমেৰে
স্বৰূপ প্ৰকাশ কৰিলা;

বহুদিন গ’ল হথাতে সিদিনা

তোমাক দেখা মনত আছে,
আঁতৰৰ পৰা দেখিলো তোমাৰ
স্বৰ্ণ গহণা জিলিকিছে,
তোমাৰ অবিহনে চিপজৰী ল’ম
বুলি যদি তুমি ভাবিছা
ভুল কৰিছা সোণজনী মোৰ
অলিক সপোন দেখিছা;

জীয়াই থাকিম….

জীয়াই থাকি এখন সমাজ
গঢ়িবৰ মোৰ মন আছে,
অ’ জীয়াই থাকি এখন সমাজ
গঢ়িবৰ মোৰ পণ আছে,
য’ত সোণতকৈ মানুহৰ দাম
সোণতকৈ মানুহৰ দাম
অলপ হ’লেও বেছি আছে
অলপ হ’লেও বেছি আছে
অলপ হ’লেও বেছি আছে ৷

Download Link: Xhoixobote Dhemalite Song Lyrics | শৈশৱতে ধেমালীতে | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form