Gupute Gupute Bhupen Hazarika Lyrics | গুপুতে গুপুতে | Assamese | Bhupen Hazarika

Song: Gupute Gupute (গুপুতে গুপুতে)

Singer: Bhupen Hazarika

Gupute Gupute Lyrics

Gupute Gupute Bhupen Hazarika Lyrics:—-

গুপুতে গুপুতে কিমান খেলিম

আলিংগনৰ এই খেলা,
চতিয়াওঁ আহা আকাশে-বতাহে
দুয়োৰে ৰঙৰে মেলা,
গুপুতে গুপুতে কিমান খেলিম
আলিংগনৰ এই খেলা….

সমাজ আৰু সংস্কাৰক

দেখুৱাওঁ আহা প্ৰিয়া,
লুকাই নথৈ আমাৰ
দুখন সাগৰৰ দৰে হিয়া,
যৌৱনত জানো পাপ থাকে
প্ৰকাশ জানো বন্ধ থাকে
লহৰে জানো সাগৰক কৰে
কাহানিও অৱহেলা,
গুপুতে গুপুতে কিমান খেলিম
আলিংগনৰ এই খেলা….

তোমাৰ নয়ন যুৰি

তোমাৰ বুকুৰ পাপৰি,
প্ৰতি চাৱনি শুৱনি
প্ৰতি পৰশ লাৱনি,
বন্ধ ঘৰৰ খিৰিকি-দুৱাৰ
খোলা আজি প্ৰিয়া খোলা
নেলাগে আৰু দেখুৱাব আজি
শালীনতা-শৃংখলা,
মৰমত জানো নিয়ম থাকে
ধুমুহাৰ জানো পৰিধি থাকে
প্ৰভাতক জানো ঢাকিব পাৰি
পিন্ধাই লাজৰ মালা,
গুপুতে গুপুতে কিমান খেলিম
আলিংগনৰ এই খেলা….

Download Link: Gupute Gupute Bhupen Hazarika Lyrics | গুপুতে গুপুতে | Assamese | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form