Kohua Bon Lyrics | কহুঁৱা বন | Bhupen Hazarika

Song: Kohua Bon (কহুঁৱা বন)

Singer: Bhupen Hazarika 

Kohua Bon Lyrics

Kohua Bon Lyrics:—-

আ আ আ আ…..

কহুঁৱা বন মোৰ অশান্ত মন

আলফুল হাতেৰে লোৱা সাৱটি,
এটি এটি ক্ষণ যেন
মুকুতাৰে ধন,
এনেয়ে হেৰুৱালে নাহে উভটি,
কহুঁৱা বন মোৰ অশান্ত মন
আলফুল হাতেৰে লোৱা সাৱটি….

আ আ আ আ…..

নীলা আকাশৰ একোটি তৰা,

হথাতে খহি সাৱতে ধৰা
ঘিত্ মিত্ এন্ধাৰৰ নিমাত ৰাতি,
নীলা আকাশৰ একোটি তৰা
হথাতে খহি সাৱতে ধৰা
ঘিত্ মিত্ এন্ধাৰৰ নিমাত ৰাতি,
এটি এটি ক্ষণ যেন
এটি এটি পণ,
এনেয়ে হেৰুৱালে নাহে উভটি,
কহুঁৱা বন মোৰ অশান্ত মন
আলফুল হাতেৰে লোৱা সাৱটি…..

পুৱতি নিশাৰ সপোন দেখি

দেখিও নেদেখিলো সেই ক্ষণটি,

পুৱতি নিশাৰ সপোন দেখি
দেখিও নেদেখিলো সেই ক্ষণটি,
অনন্ত সময়ৰ সাগৰ খনিত
অনন্ত সময়ৰ সাগৰ খনিত,
চঞ্চল কূলাহলে ভাঙে ঘুমটি,
অ’ বলীয়া মোৰ কিয় উচাতন
কালিৰ সূৰুযে আনি দিব পুৱাটি,
কহুঁৱা বন মোৰ অশান্ত মন
আলফুল হাতেৰে লোৱা সাৱটি,
এটি এটি ক্ষণ যেন
মুকুতাৰে ধন,
এনেয়ে হেৰুৱালে নাহে উভটি ৷

আ আ আ আ…..

Download Link: Kohua Bon Lyrics | কহুঁৱা বন | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form