Karmai Amar Dharma (কৰ্মই আমাৰ ধৰ্ম) | Lyrics In Assamese | Bhupen Hazarika

Song: Karmai Amar Dharma (কৰ্মই আমাৰ ধৰ্ম)

Singer: Bhupen Hazarika

Karmai Amar Dharma Lyrics
Karmai Amar Dharma Lyrics

Karmai Amar Dharma Lyrics:—

কৰ্মই আমাৰ ধৰ্ম
কৰ্মই আমাৰ ধৰ্ম
আমি জীৱন-যুঁজত জিকিব লাগিব
পিন্ধি সাহসৰ বৰ্ম।

স্বাৰ্থপৰৰ লোলুপ আশা,
আমি কৰিম খৰ্ব
মহামানৱৰ বাণী শিৰে লৈ
নাশিম যুঁজৰ গৰ্ব।

সুফলা মাটিৰ সৃষ্টিৰ সুৰ,
গামেই দেশৰ গৰ্ব
পীড়িতজনক আকোঁৱালি লৈ
গাঁৱতে পাতিম স্বৰ্গ।

দ্বাপৰত কʼলে শ্ৰীকৃষ্ণই
নেপেলাবা নিজ কৰ্ম
কুৰি শতিকাৰ বাপুজীয়ে কয়
কৰ্মই সাৰ মৰ্ম্ম।

আমি নতুন যুগৰ নতুন মানৱ
আনিম নতুন স্বৰ্গ
অৱহেলিত জনতাৰ বাবে
ধৰাত পাতিম স্বৰ্গ।

Download Link: Karmai Amar Dharma (কৰ্মই আমাৰ ধৰ্ম) | Lyrics In Assamese | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form