Moi Aru Mur Saa Lyrics | মই আৰু মোৰ ছাঁ | Bhupen Hazarika

Song: Moi Aru Mur Saa (মই আৰু মোৰ ছাঁ)

Singer: Bhupen Hazarika

Moi Aru Mur Saa Lyrics
Moi Aru Mur Saa Lyrics

Moi Aru Mur Saa Lyrics:—-

কোনে কয় মই অকলশৰীয়া

মই আৰু মোৰ ছাঁ
দুয়ো দুয়োৰে লগৰীয়া,
পৃথিৱী নক’বা মই অকলশৰীয়া
মই আৰু মোৰ ছাঁ….

সংগীহীনতা মোৰেই সংগী

বুলি কিয় তুমি উপহাস কৰিছা,
মই আৰু মোৰ ছাঁ
দুয়ো দুয়োৰে লগৰীয়া
মই আৰু মোৰ ছাঁ….

দূৰণিৰ বন্ধু সকলো মিছা

নিচেই কাষৰেই ছাঁহে সঁচা,
মই আৰু মোৰ ছাঁ
দুয়ো দুয়োৰে লগৰীয়া
মই আৰু মোৰ ছাঁ….

আশাৰ বালিচৰত যেতিয়া ঘৰ সাঁজো

মোৰেই ছাঁই বালি তুলি দিয়ে,
এন্ধাৰ বাটতে মোৰেই ছাঁই
মেলি দিয়ে নিতে জ্যোতিৰ দলিছা,
মই আৰু মোৰ ছাঁ
দুয়ো দুয়োৰে লগৰীয়া,
পৃথিৱী নক’বা মই অকলশৰীয়া
মই আৰু মোৰ ছাঁ….

Download Link: Moi Aru Mur Saa Lyrics | মই আৰু মোৰ ছাঁ | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form