Mur Geetor Hejar Shruta | মোৰ গীতৰ হেজাৰ শ্ৰুতা | Lyrics | Bhupen Hazarika

Song: Mur Geetor Hejar Shruta (মোৰ গীতৰ হেজাৰ শ্ৰুতা)

Singer: Bhupen Hazarika

Mur Geetor Hejar Shruta Lyrics
Mur Geetor Hejar Shruta Lyrics

Mur Geetor Hejar Shruta Lyrics:—

মোৰ গীতৰ হেজাৰ শ্ৰুতা
তোমাক নমস্কাৰ,

গীতৰ সভাত তুমিয়েইতো
প্ৰধান অলংকাৰ;

প্ৰয়াস কৰো তোমাৰ মুখত
হাঁহি বিলাবলে,

প্ৰয়াস কৰো তোমাৰ দুখত
সঁচাই কান্দিবলে,
তোমাৰ ক্ৰোধত ক্ৰোধান্বিত হৈও
গীত ৰচো,
ব্যক্তি সমূহৰ হৈ
সুৰৰ শৰাই যাচো,
সেয়ে গীতৰ কুসুমেৰে
আজি জীৱন জাতিষ্কাৰ,
গীতৰ সভাত তুমিয়েইতো
প্ৰধান অলংকাৰ;

ভুল যদি হয় সৃষ্টিত মোৰ
ভুল যদি হয় সৃষ্টিত মোৰ

তুমি হোৱা চিন্তিত,
সমালোচনাৰ অগনিৰে পুৰী
সমালোচনাৰ অগনিৰে পুৰী
মোকো কৰা উন্নত;

শৈশৱতে এখন-দুখন
গীতৰ সভাত গাই

মন উজাৰ কৰোতেই
বুকুত দিলা ঠাই,
তোমাৰ বুকুত তপত উমৰ
উদগনি পাই
জীৱনৰে দুপৰীয়াও
আছো গীত গাই,
গীতৰ সভাত
আছিলো তোমাৰেই আৱিষ্কাৰ
গীতৰ সভাত তুমিয়েইতো
প্ৰধান অলংকাৰ ৷

Download Link: Mur Geetor Hejar Shruta | মোৰ গীতৰ হেজাৰ শ্ৰুতা | Lyrics | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form