Moni Nobow Lyrics | Vreegu Kashyap New Assamese Song

Song: Moni Nobow (মনি নবৌ)


Singer: Vreegu Kashyap

Moni Nobow Lyrics
Moni Nobow Lyrics

Moni Nobow Lyrics:—

দেওবৰীয়া বজাৰলে
মনি নবৌ সদায় আহে
মোৰেনো লগৰবোৰে
জোকাই নবৌক ধেমালিতে
এ নবৌ কেনে আছে
ভনীজনি ভালেই চাগে
কথাটি নেপাহৰো
মইওঁ জানা সোধিবলে
ভনীয়েকৰ কথা সোধাত
উঠি যায় নবৌৰ খং
ভাৱে চাগে ভনীতকৈ
মই হ’লো কম
দেওবৰীয়া বজাৰলে
মনি নবৌ সদায় আহে
মোৰেনো লগৰবোৰে
জোকাই নবৌক ধেমালিতে

এ বায়েৰৰ ঘৰলে এ খুলখালি
সদায় চোন বাট ধৰিছা
ভিনি ভিনি বুলি এ
খুলখালি আমাৰো মন মোহিছা
একেখন ঘৰলৈ নে
একেখন গাওঁলৈ মন মেলিছা
গাওঁ ডেকা মাজত
এ খুলখালি কুকুৰাঁ যুঁজ পাতিছা
ভনীয়েকৰ কথা শুনি
উঠি যায় মনি নবৌৰ খং
ভাৱে চাগে ভনিতকৈ
মই কিহতনো বাৰু কম
দেওবৰীয়া বজাৰলে
মনি নবৌ সদায় আহে
মোৰেনো লগৰবোৰে
জোকাই নবৌক ধেমালিতে

এই ঘটিল এই ঘটনা
সিদিনা দুপৰীয়া
হঠাৎ আমাৰ দাদাই চোন
লগালে হুৱা দুৱা
এই ঘটিল এই ঘটনা
সিদিনা দুপৰীয়া
হঠাৎ আমাৰ দাদাই চোন
লগালে হুৱা দুৱা
আমিবোৰ আকৌ ভাৱি
ল’লো খুলখালি পলাল
পাছত জানিলোঁ
দিনে-পোহৰে নবৌজনী হেৰাল
দেওবৰীয়া বজাৰলে
মনি নবৌ সদায় আহে
মোৰেনো লগৰবোৰে
জোকাই নবৌক ধেমালিতে
মোৰেনো লগৰবোৰে
জোকাই নবৌক ধেমালিতে

Download Link: Moni Nobow Lyrics | Vreegu Kashyap New Assamese Song

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form