Muktikami (মুক্তিকামী) | Lyrics In Assamese | Bhupen Hazarika

Song: Muktikami (মুক্তিকামী)

Singer: Bhupen Hazarika

Muktikami Lyrics
Muktikami Lyrics

Muktikami (মুক্তিকামী):—

মুক্তিকামী লক্ষ্যজনৰ
মৌন প্ৰকাশ শুনিছানে নাই?
জীৱন আকাশত নতুন সাহসৰ
পৰিছে জ্যোতি দেখিছানে নাই?

কিমান পালা নেপালা কিমান
হিচাপ নকৰিলা কোনো ক্ষতি না‍ই!
আহিছে সময় গণনাৰো দিন
কৰিবা প্ৰাকাশ কোনো ত্ৰাস না‍ই

কাল ৰাত্ৰিৰ বুকুতে লুকাই
আছেই প্ৰভাত বুজিলানে নাই?
ৰুদ্ধ দ্বাৰে উন্মুক্ত বায়ুক
সদা কৰে ভয় বুজিলানে না‍ই?

জীৱন সিন্ধুৰ প্ৰতি বিন্দুত
উঠিছে জোৱাৰ
ভাঙি পাৰাপাৰ
মহাশূন্যৰ প্ৰতিটো দিশত
শুনিছানে নাই
আশাৰ হুংকাৰ?

যিমান পাৰা হোৱা অগ্ৰগামী
নৰʼবা কিঞ্চিত কোনো লাভ নাই
ধ্বংসকাৰীক পৰাস্ত কৰা
শান্তি যুঁজৰ কোনো ক্ষয় নাই।

কালৰাত্ৰিৰ বুকুতে লুকাই
আছেই প্ৰভাত বুজিলানে নাই?
ৰাইজ-সিংহক শৃংখল-শৃগালে
সদা কৰে ভয় বুজিলানে নাই
মুক্তি কামী লক্ষ্যজনৰ
মৌন প্ৰকাশ শুনিছানে নাই?

Download Link: Muktikami (মুক্তিকামী) | Lyrics In Assamese | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form