Paror Pokhit Gathi Dilo ( পাৰৰ পাখিত গাথিঁ দিলো ) Lyrics | Khagen Mahanta

Song Name: Paror Pokhit Gathi Dilo ( পাৰৰ পাখিত গাথিঁ দিলো )
Singer: Khagen Mahanta
Album: Chinaki Geet Vol – II


The Lyrics:::
পাৰৰ পাখিত গাথিঁ দিলো,

ফুলাম চিঠিখনি,

জনাও বুলি জগতখনক
বিহুৰ ওলগনি।


পাৰৰ পাখিত গাথিঁ দিলো,

ফুলাম চিঠিখনি,

জনাও বুলি জগতখনক
বিহুৰ ওলগনি।


লিখিছোঁ তাত কি কি মাত,
শুনি ভাল পাওঁ,
আৰু লিখিছোঁ কি কি মাত,
শুনি বেয়া পাওঁ,
বাঘৰ গোজৰ,
গুলীৰ গুৰুম,
খং শিঙাৰ ধ্বনি,
বেয়া লাগিব হাই কাজিয়া,
আৰু হনাহনি।
পাৰৰ পাখিত গাথিঁ দিলো,

ফুলাম চিঠিখনি,

জনাও বুলি জগতখনক
বিহুৰ ওলগনি।


কোৱা যদি মানুহ মাৰ,
ভাইভনী বুলি,
লোৱা যদি সদৌটিকে,
বুকুত কোঁৱালি,
ভাল লাগিব,
কৰা যদি,
ৰং শিঙাৰ ধ্বনি,
পাৰৰ পাখিত,
ডাঁৰৰ খৱৰ,
বিহুৰ ওলগনি |
পাৰৰ পাখিত গাথিঁ দিলো,

ফুলাম চিঠিখনি,

জনাও বুলি জগতখনক
বিহুৰ ওলগনি।


পাৰৰ পাখিত গাথিঁ দিলো,

ফুলাম চিঠিখনি,

জনাও বুলি জগতখনক
বিহুৰ ওলগনি।

Download Link: Paror Pokhit Gathi Dilo ( পাৰৰ পাখিত গাথিঁ দিলো ) Lyrics | Khagen Mahanta

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form