Make-up | Akash Nibir

featured image
Singer-Akash Nibir
Lyrics – Dinesh Sonowal,Akash Nibir, Abhijeet Dhulia & Bishwajit
Music/Mixed Mastered – Bhaskar Neelom

মেকআপৰ যোৰতে মাৰিছা ফুটনি
মেকআপ গুচিগলে লাগে তোমাক জখিনি
গাঁৱৰ লৈ আহিবা এবাৰ ঐ ভনীতি
আমাৰ গাঁওৰ ছোৱালী মেকআপ নকৰিলেও এনে জানা শুৱনি

গাঁৱৰে বোকা পানী গোচকি ধূলি বালি
গাঁৱৰে বোকা পানী গোচকি ধূলি বালি
পাৰিবা জানো বোৱাৰী হ’বলে মেখেলা চাঁদৰ পিন্ধি
পাৰিবা জানো শাওনৰ পথাৰত হ’বগৈ ৰোৱনী

(Music)…

ঐ পুৱাতে উলামে এ মইনা নাঙল টি লৈ কান্ধতে
কেঁহা চাহ এটুপি এ মইনা দিব লাগিব তুমিয়ে
সাৰিব লাগিব এ মইনা পদূলি বাঢ়নীৰে
সহিব লাগিব এ মইনা বোৱাৰী হৈ আহিলে

গাঁৱৰে ধূলি বালি গোচকি বোকা পানী
গাঁৱৰে ধূলি বালি গোচকি বোকা পানী
পাৰিবা জানো বোৱাৰী হ’বলে মেখেলা চাঁদৰ পিন্ধি
পাৰিবা জানো আঘোণৰ পথাৰত হ’বগৈ দাৱনী

(Music)

আহিবা ঐ এইবেলি এ মইনা নাহৰকতিয়া চাচনী
ঐ আহিবা ঐ এইবেলি এ মইনা নাহৰকতিয়া চাচনী
কলিয়াবাগিত মোৰে ঘৰ এ মইনা মোৰে নাম আকাশ নিবিড়

চহৰৰে ছোৱালী আলসূৱা জীয়াৰী
লব লাগিব আহি গাঁৱৰ মৰম চেনেহ বুটলি
পাৰিবা জানো বোৱাৰী হ’বলে মেখেলা চাঁদৰ পিন্ধি
পাৰিবা জানো হ’বলে তুমি লখিমী বোৱাৰী

Download Link: Make-up | Akash Nibir

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form