Majulir Ejoni Suwaliye Lyrics By Zubeen Garg

Song: Majulir Ejoni Suwaliye (মাজুলীৰ এজনী ছোৱালীয়ে)

Singer: Zubeen Garg

Majulir Ejoni Suwaliye Lyrics
Majulir Ejoni Suwaliye Lyrics

Majulir Ejoni Suwaliye Lyrics:–

মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে
সাবটি বহুতকে ইপাৰে সিপাৰে
অ’ অ’ অ’ দৰীয়া ঘাটতে কলিজা থেকেচি
লুইতৰ বুকুতে বুকুখনি মেলি
ইফালে-সিফালে আনে শুনক বুলি
ঐনিতম এফাঁকি গায় ।
মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে
সাবটি বহুতকে ইপাৰে সিপাৰে …

চুই চালে চুই চালে চুই চালে বুজিবা
বুকুৰে ভিতৰত কিহৰে খহনীয়া
এ মন গ’লে মন গ’লে মন গ’লে নোৱাৰা
মচিব জানানে হৃদয়ৰে দোমোজা ।
কঁপি উঠা দুটি ওঁঠৰে
ৰঙা-নীলা কথা মনৰে
কাক ক’ব কোন্বা কাষতে
শুনিবলে সময় হ’বনে
মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে
সাবটি বহুতকে ইপাৰে সিপাৰে …
অ’ অ’ অ’ দৰীয়া ঘাটতে কলিজা থেকেচি
লুইতৰ বুকুতে বুকুখনি মেল
ইফালে-সিফালে আনে শুনক বুলি
ঐনিতম এফাঁকি গায় ।
মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে
সাবটি বহুতকে ইপাৰে সিপাৰে …

দহ টকা দহ টকা দহ টকা ফেৰীৰে
কমলা কমলা কমলাবাৰীলে’
আবেলি আবেলি আবেলি আহিলে
গধূলি গধূলি গধূলি মাজুলীলে’
দেখিবা তাইৰ চকুযুৰিতে
তেজ ৰঙা নদী দুখনি
দেখিবা তাইৰ শেঁতা হাঁহিতে
খহি যোৱা যৌৱন কিজানি ।

মাজুলীৰ এজনী ছোৱালীয়ে গীত জুৰে
কমলা বাৰীত বহি কোনেনো শুনি থাকে …
অ’ অ’ অ’ দৰীয়া ঘাটতে কলিজা থেকেচি
লুইতৰ বুকুতে বুকুখনি মেলি
ইফালে-সিফালে আনে শুনক বুলি
ঐনিতম এফাঁকি গায় ।
(মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে
সাবটি বহুতকে ইপাৰে সিপাৰে …)

Download Link: Majulir Ejoni Suwaliye Lyrics By Zubeen Garg

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form