Joya Nai Joya Nai Lyrics | জয়া নাই জয়া নাই | Bishnu Prasad Rabha

Song: Joya Nai  Joya Nai (জয়া নাই জয়া নাই)

Singer: Bishnu Prasad Rabha

Joya Nai Joya Nai Lyrics:—

জয়া নাই জয়া নাই

অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই,
জয়া নাই জয়া নাই
জয়া নাই জয়া নাই….
জয়সাগৰত বুকুৰ মাজত
উঠে চকুলোৰে ঢল,
মলয়াই তোলে
হিয়াভগা সুৰ,
কৰুণ বিননী ৰোল
জয়া নাই জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই,
জয়া নাই জয়া নাই
জয়া নাই জয়া নাই….
তেজৰ টোপাল চকুলো ওলাল
নয়নৰ পাহি ফালি,
কলিজাৰ চাকি জালিলে দীপালি
বুকুৰ অগনি জালি,
পাৰতে সাজিলে স্মৃতিৰ দেউল
প্ৰেমৰ সুৰভি ঢালি,
স্বামীকো তৰিলে দেশকো ৰাখিলে
নিজকেই দিলে বলি,
জয় দেউলৰ শিলত বোলালে
সোণৰ গৰিমা বোল,
আজিও কুলিয়ে কলচিত বহি
তোলে বিননী ৰোল,
জয়া নাই জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই,
জয়া নাই জয়া নাই
জয়া নাই জয়া নাই….
সেই সাগৰৰ তেজৰ টুপিৰে
শুনোৱা ৰাঙলি তুলি,
জ্বলোৱা দীপালি চাকিৰ তীখাৰে
হৃদয় শলিতা জালি,
উঠা অসমৰ গাভৰু ছোৱালী
জাগা অসমীয়া দল,
আজিও জয়া হিয়াতেই আছে
নুতুলিবা তেনে ৰোল,
জয়া নাই জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই,
জয়া নাই জয়া নাই
জয়া নাই জয়া নাই….

Download Link: Joya Nai Joya Nai Lyrics | জয়া নাই জয়া নাই | Bishnu Prasad Rabha

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form