Moinajaan Moinajaan (মইনাজান মইনাজান) | Lyrics In Assamese | Bhupen Hazarika

Song: Moinajaan Moinajaan Lyrics (মইনাজান মইনাজান)

Singer: Bhupen Hazarika

Moinajaan Moinajaan  Lyrics
Moinajaan Moinajaan  Lyrics

Moinajaan Moinajaan  Lyrics:—

মইনাজান মইনাজান লুইত পাৰে হʼলোঁ
মইনাজান মইনাজান দিক্ৰং পাৰে হʼলোঁ
মইনাজান মইনাজান জিৰালোঁ ঐ নাওবৈচাত।

মইনাজান মইনাজান চাকৰি ঐ বিচাৰি
মইনাজান মইনাজান এৰোঁ ঘৰ-বাৰী
মইনাজান মইনাজান নেথাকোঁ ঐ লখিমীপুৰত।

মইনাজান মইনাজান তেজপুৰৰ বৰালী
মইনাজান মইনাজান লালুকৰে কান্ধুলী
মইনাজান মইনাজান কেনেকৈনো মিহলি হʼল?

মইনাজান মইনাজান তুমিনো নেঘেৰিয়াল
মইনাজান মইনাজান আমি যোৰহটীয়া
মইনাজান মইনাজান কেনেকৈনো চিনাকি হʼল?

মইনাজান মইনাজান গুৱাহাটী ঘূৰিলোঁ
মইনাজান মইনাজান দুলীয়াজান ফুৰিলোঁ
মইনাজান মইনাজান ডিগবৈতো চাকৰি নাই।

মইনাজান মইনাজান তেল গেছ কোম্পানী
মইনাজান মইনাজান ৰেলৰে কোম্পানী
মইনাজান মইনাজান তাতো চোন মিঠা মাত নাই।

মইনাজান মইনাজান তি-তি-তি ঐ তিয়নী
মইনাজান মইনাজান দেহাৰে ঐ শুৱনী
মইনাজান মইনাজান তোমাৰ মান শুৱনী নাই।

মইনাজান মইনাজান শৰীৰ ভালে ৰাখিবা
মইনাজান মইনাজান মনৰ বেথা নেৰিবা
মইনাজান মইনাজান চাকৰি পাই নোভতোঁ মানে।

মইনাজান মইনাজান নগৰ বাট গছকি
মইনাজান মইনাজান কʼত দেখোঁ ৰচকী
মইনাজান মইনাজান তোমাৰ মান ৰাংঢালী নাই।।

Download Link: Moinajaan Moinajaan (মইনাজান মইনাজান) | Lyrics In Assamese | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form