Akakhi Ganga Bisora Nai (আকাশী গংগা বিচৰা নাই) Assamese Lyrics | Dr. Bhupen Hazarika

Song Name: Akakhi Ganga Bisora Nai (আকাশী গংগা বিচৰা নাই)

Singer Name: Dr. Bhupen Hazarika





Akakhi Ganga Bisora Nai (আকাশী গংগা বিচৰা নাই) Assamese Lyrics:–

আকাশী গংগা বিচৰা নাই,

নাই বিচৰা স্বর্ণ অলংকাৰ,

নিষ্ঠুৰ জীৱনৰ সংগ্রামত,

বিচাৰোঁ মৰমৰ মাত এষাৰ…….


মহা মহা সাগৰৰে,

ক’তনা লহৰ লেখিলোঁ,

মহা মহা নগৰীতে,

কতনা বাট হেৰুৱালোঁ,
মৰম জ্যোতিৰ পম খেদি খেদি,

বোৱালোঁ গুপুতে অশ্রুধাৰ…….


হয়তো নিতৌ হেজাৰজনৰ,

হেজাৰ শৰাই পাম,

তথাপি কিয় বিশেষজনৰ,

মৰম বিচাৰি যাওঁ,


মহা মহা নাটঘৰে ঘৰে,

কণ্ঠ-শোণিত নিগৰালোঁ,

মহা মহা শ্রোতা-জনতাৰে,

মুখত হাঁহি বিৰিঙালোঁ,

ক্ষণিত মৌন পৰত কোনেনো,

পাতলাব মোৰ দুখৰে ভাৰ……

আকাশী গংগা বিচৰা নাই,

নাই বিচৰা স্বর্ণ অলংকাৰ,

নিষ্ঠুৰ জীৱনৰ সংগ্রামত,

বিচাৰোঁ মৰমৰ মাত এষাৰ…….


Download Link: Akakhi Ganga Bisora Nai (আকাশী গংগা বিচৰা নাই) Assamese Lyrics | Dr. Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form