Bistirno Parore (বিস্তীৰ্ণ পাৰৰে) Lyrics | Dr. Bhupen Hazarika

Song Name: Bistirno Parore (বিস্তীৰ্ণ পাৰৰে)

Singer Name: Dr. Bhupen Hazarika

Bistirno Parore (বিস্তীৰ্ণ পাৰৰে) Lyrics :–


বিস্তীৰ্ণ পাৰৰে,
অসংখ্য জনৰে,
হাহাকাৰ শুনিও,
নিঃশব্দে নিৰবে, বুঢ়া লুইত তুমি,
বুঢ়াই লুইত বোৱা কিয়?

নৈতিকতাৰ স্খলন দেখিও,
মানৱতাৰ পতন দেখিও,
নিৰ্লজ্জ অলসভাৱে বোৱা কিয়?

জ্ঞানবিহীন নিৰক্ষৰৰ,
খাদ্যবিহীন নাগৰিকৰ,
নেতৃত্ববিহীনতা নিমাত কিয়?
সহস্ৰ বাৰিষাৰ,
উন্মাদনাৰ,
অভিজ্ঞতাৰে,
পঙ্গু মানৱক,
সবল সংগ্ৰামী,
আৰু অগ্ৰগামী,
কৰি নোতোলা কিয়?

ব্যক্তি যদি, ব্যক্তি কেন্দ্ৰিক,
সমষ্টি যদি, ব্যক্তিত্ব ৰহিত,
তেনে শিথিল সমাজক নাভাঙা কিয়?
তুমিয়ে যদি, ব্ৰহ্মাৰে পুত্ৰ,
সেই পিতৃত্ব, তেনে নাম মাত্ৰ,
নহ’লে প্ৰেৰণা নিদিয়া কিয়?
উন্মত্ত ধাৰাৰে,
কুৰুক্ষেত্ৰৰে,
শৰ শয্যাকে,
আলিংগন কৰা
ভীষ্মৰূপী
অজস্ৰ বীৰক
জগাই নোতোলা কিয়???

Download Link: Bistirno Parore (বিস্তীৰ্ণ পাৰৰে) Lyrics | Dr. Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form