Xunere Xojuwa Poja | সোণেৰে সজোৱা পজা | Lyrics In Assamese | Zubeen Garg

   Song: Xunere Xojuwa Poja (সোণেৰে সজোৱা পজা)
Singer: Zubeen Garg
Album: Mukti 1997

Xunere Xojuwa Poja (সোণেৰে সজোৱা পজা) Lyrics In Assamese:–

সোণেৰে সজোৱা পজা

জহি খহি যায়


কোণে আহি সাজিবহি
পাৰিব দুনাই…..

সোণেৰে সজোৱা পজা
জহি খহি যায়

কোণে আহি সাজিবহি


পাৰিব দুনাই……

এধানী এধানী কৈ


মেদিনী হেৰাই

সাতোৰঙী ৰামধেনু

ডাৱৰত লুকাই

কোনেও নুবুজে কাকো

নিজকে ধিয়াই

সোণেৰে সজোৱা পজা

জহি খহি যায়

কোণে আজি সাজিবহি

পাৰিব দুনাই…….

বুঢ়ী আইৰ জুহালতে

চকুলো শুকাই


দেউতাৰো একে দশা

পদুলিলৈ চায়

বহুদিন হ’ল

সৰুবোপাৰ মুখ দেখা নাই

চেনেহীৰ আকাশত আজি

জোন তৰা নাই

হালৰ গৰু গোহালিতে

পথাৰো শুকাই

ৰাতি হ’লেই গুলিৰ শব্দই

ৰজন্ জনাই……..

সোণেৰে সজোৱা পজা

জহি খহি যায়


কোণে আহি সাজিবহি 
পাৰিব দুনাই……….

সোণেৰে সজোৱা পজা

জহি খহি যায়


কোণে আজি সাজিবহি

পাৰিব দুনাই…….

স্বাধীনতাৰ বুজ লওঁতেই

এশ বছৰ গ’ল


বিষ্ণু জ্যোতিৰ

জোনাকীৰ দেশ

এতিয়াও নহ’ল

মানৱৰ মাজতে আজি

দানৱৰ হুংকাৰ

পঢ়া শুনা সংস্কৃতি

সকলো অশাৰ

এইয়া জানো সপোন আছিল

কুৰি শতিকাৰ

সকলোতে মাথো প্ৰশ্ন অনিয়ম অনাচাৰ


সোণেৰে সজোৱা পজা

জহি খহি যায়


কোণে আহি সাজিবহি

পাৰিব দুনাই…….

সোণেৰে সজোৱা পজা

জহি খহি যায়


কোণে আহি সাজিবহি

          পাৰিব দুনাই………

Download Link: Xunere Xojuwa Poja | সোণেৰে সজোৱা পজা | Lyrics In Assamese | Zubeen Garg

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form